মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of AYUSH

আয়ুশ শিক্ষা প্রতিষ্ঠান

  • ১. চৰকাৰী আয়ুৰ্বেদীক মহাবিদ্য়ালয়, গুৱাহাটী-১৪

    সমগ্র উত্তৰ-পূব ভাৰতৰ ভিতৰতে চৰকাৰী আয়ুর্বেদীক মহাবিদ্যালয়, গুৱাহাটী-১৪ হৈছে ভাৰতীয় চিকিৎসাশাস্ত্ৰৰ এখনি আগশাৰীৰ প্রতিষ্ঠান | ১৯৪৮ চনত এই মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা হৈছিল আৰু এই প্ৰতিষ্ঠান, নীলাচল পাহাৰৰ নামনিৰ ব্ৰহ্মপূত্ৰ নদীৰ দক্ষিণ পাৰে জালূকবাৰী গুৱাহাটীত অৱস্থিত| পূৰ্বতে এই মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে সংযূক্ত আছিল আৰু এতিয়াও এই প্ৰতিষ্ঠানৰ পূৰণি শ্ৰেণীৰ কিছূমান ছাত্ৰ-ছাত্ৰীয়ে বিশ্ববিদ্যালয়ৰ অধীনত তেওঁলোকৰ পাঠ গ্রহণ কৰি আছে| ৰাজ্যখনত স্বাস্থ্য বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ পিছত এই মহাবিদ্যালয়ৰ পাঠদান, গৱেষণা আৰু পৰীক্ষা আদি কাৰ্যসমূহ শ্ৰীমন্তশংকৰদেৱ স্বাস্থ্য বিশ্ববিদ্যালয়লৈ ২০১০ চনত স্থানান্তৰ কৰা হয়|

    মহাবিদ্যালয় ক্ষেত্ৰ প্ৰায় ৪৬ বিঘা ভূমি
    অধিকৃত ক্ষেত্ৰ মহাবিদ্যালয় ভৱন, চিকিৎসালয়, ছাত্ৰবাস, পূথিভঁৰাল, ডি.টি.এল., ৰাজ্যিক আয়ুর্বেদীক ফাৰ্মাচী আদি কৰি প্ৰায় ১০ বিঘা
    খালী ঠাই খেলা পথাৰ (প্ৰায় 6 বিঘা)
    দূখন ঔষধি উদ্ভ্ৰিদ উদ্যান (প্ৰায়১০ বিঘা)
    অৱ্যৱহৃত ক্ষেত্ৰ প্ৰায় ১০ বিঘা

    পাঠ্যক্রমসমূহ

    ডিপ্লমা, আয়ুর্বেদীক চিকিৎসা বিজ্ঞান (DAMS) ১৯৪৮ ৰ পৰা ১৯৭৩ লৈ
    স্নাতক আয়ুর্বেদীক চিকিৎসা বিজ্ঞান (BAMS) ১৯৭৪ ৰ পৰা
    ডিপ্লমা, ফাৰ্মাচিউটিকেলচ্ (আয়ূ) (D.Pharma) ১৯৮৯ৰ পৰা
    পি. এইচ. ডি. ২০০৮ ৰ পৰা

    বিভাগসমূহ :

    চৰকাৰী বিজ্ঞপ্তি নং এইচ. এল. বি. ২২২/২০০৩/১২৩ তাং ০২-০৪-২০০৮ অনূসৰি আৰু চি. চি. আই. এম. নীতিৰ ভিত্তিত এই মহাবিদ্যালয়ত ১৪ টা বিভাগ আছে|

    1. কায়া চিকিৎসা
    2. ল্য
    3. শলক্য
    4. সংস্কৃত সমহিতা আৰু সিদ্ধা™L
    5. প্ৰসূতি তন্ত্ৰ আৰু স্ত্ৰীৰোগ
    6. কূমাৰভৃত্য
    7. পঞ্চকৰ্ম
    8. স্বাস্থ্যভূত্য
    9. দ্ৰব্যগুণ (ফাৰ্মাকলজী আৰু মেটেৰিয়া মেডিকা)
    10. ৰসশাস্ত্ৰ আৰু ভেষজ কল্পনা (ৰিজুভিনেটিভ আৰু ফাৰ্মাচিউটিকেল ছায়েন্স)
    11. অগড়া তন্ত্ৰ আৰু বিধি শাস্ত্ৰ (টক্সিন’লজী, ফৰেনছিক মেডিচিন এণ্ড মেডিকেল জূৰিপ্ৰূডেন্স)
    12. ৰোগ নিচান আৰু বিকৃতি বিজ্ঞান
    13. ৰচনা শৰীৰ (দেহতত্ব)
    14. ক্ৰিয়া শৰীৰ (শৰীৰ বিধান)

    বৰ্তমান এই ১৪ টা বিভাগত ৩৬ গৰাকী অধ্যাপক আছে, কিন্তু প্ৰায়ভাগ বিভাগেই চি.চি.আই.এম. নীতিমতে উচ্চ আৰু নিম্ন অধ্যাপকৰ অভাৱত ভূগি আছে যদিও কিছূমান মেডিকেল অফিচাৰ বিভিন্ন বিভাগত অধ্যাপকৰূপে জড়িত হৈ আছে, কিন্তু নিয়মীয়া পদসমূহ এতিয়াও বিভিন্ন কাৰণত খালী হৈ আছে|

    চিকিৎসালয়ৰ সেৱাসমূহ :

    1. মূঠ বিচনাৰ ক্ষমতা : ২০০ খন
    2. ১৬.সংশ্লিষ্ট বিভাগসমূহত অ.পি.ডি, আই.পি. ডি. দূৰ্ঘটনা, পঞ্চকৰ্মা আদি সেৱাসমূহ উপলব্ধ|
    3. ১৭. বাহ্য়িক ৰোগী বিভাগৰ সময়তহে কেৱল পেথ’লজী লেবৰেটৰী সেৱাসমূহ উপলব্জ| ২৪x৭ ৰোগী সেৱাÍলৈ এই চিকিৎসালয় উন্নীত কৰা হ’ব|
    4. ১৮. এক্স-ৰে, সনোগ্রাফী, ই.চি.জি. আদি সেৱাসমূহ কেৱল বাহি্যক ৰোগী চোৱা সময়তহে উপলব্ধ| ২৪x৭ ৰোগী সেৱাÍলৈ এই চিকিৎসালয় উন্নীত কৰা হ’ব|
    5. ১৯. অষ্ট্ৰোপচাৰ, প্ৰসূতি আৰু স্ত্ৰীৰোগ সেৱাৰ লগতে চকূৰ অষ্ট্ৰোপচাৰৰ বাবে অপাৰেছন থিয়েটাৰ উপলব্ধ|
    6. ২০. দৈনিক বাহ্য়িক ৰোগীৰ উপস্থিতিৰ গড় ১৮০
    7. আই.পি. ডি. ৰোগীৰ দ্বাৰা পূৰ্ণ হৈ থকা বিচনাৰ দৈনিক সংখ্যা ৭০
    8. খাদ্য ব্যৱস্থা চিকিৎসালয়ত উপলব্ধ |
    9. জন্ম আৰু মৃত্য়ু পঞ্জীয়ন শাখা উপস্থিত|
    10. ২সকলো হিতাধিকাৰী কাৰ্যসূচীৰ সৈতে ৰাষ্ট্রীয় স্বাস্থ্য অভিযান ইউনিট উপস্থিত|
    11. টিকাদান শাখা উপলব্ধ|
    12. ঔষধ বিতৰণ শাখা আৰু চিকিৎসালয় ঔষধালয় উপস্থিত|

    ২. এচ.জে.এন. হোমিঅ’পেথিক চিকিৎসা মহাবিদ্য়ালয় আৰু চিকিৎসালয়

    এই মহাবিদ্যালয়ে বৰ্তমান বি.এইচ.এম. এচ. (BHMS) পাঠ্যক্রম আগবঢ়াইছে আৰু এই পাঠ্যক্রমৰ মূঠ আসনৰ সংখ্যা ৫০ প্ৰতি বছৰ| এখন ২৫ বিচনাযূক্ত চিকিৎসালয় এই মহাবিদ্যালয়ৰ সৈতে সংযূক্ত|
    নিম্নলিখিত সেৱাসমূহ উপলব্ধ:

    • বাহ্য়িক ৰোগীৰ বিভাগ (OPD)/ আন্ত:ৰোগী বিভাগ (IPD)
    • পৰীক্ষাগাৰ
    • এক্স-ৰে
    • সনোগ্রাফী
    • সনোগ্রাফী.
    • ই.চি.জি.
    • যোগ

    অসম হোমিঅ’পেথিক চিকিৎসা মহাবিদ্য়ালয় আৰু চিকিৎসালয়, নগাঁও

    এই মহাবিদ্যালয়ে বৰ্তমান বি.এইচ.এম. এচ. (BHMS) পাঠ্যক্রম আগবঢ়াইছে আৰু এই পাঠ্যক্রমৰ মূঠ আসনৰ সংখ্যা ৫০ প্ৰতি বছৰ| এখন ২৫ বিচনাযূক্ত চিকিৎসালয় এই মহাবিদ্যালয়ৰ সৈতে সংযূক্ত|
    নিম্নলিখিত সেৱাসমূহ উপলব্ধ:

    • বাহ্য়িক ৰোগীৰ বিভাগ (OPD)/ আন্ত:ৰোগীগী বিভাগ (IPD)
    • পৰীক্ষাগাৰ
    • এক্স-ৰে
    • সনোগ্রাফী
    • ই.চি.জি.

    ড জে.কে.এচ.হোমিঅ’পেথিক চিকিৎসা মহাবিদ্য়ালয় আৰু চিকিৎসালয়, যোৰহাট

    এই মহাবিদ্যালয়ে বৰ্তমান বি.এইচ.এম. এচ. (BHMS) পাঠ্যক্রম আগবঢ়াইছে আৰু এই পাঠ্যক্রমৰ মূঠ আসনৰ সংখ্যা ৫০ প্ৰতি বছৰ| এখন ২৫ বিচনাযূক্ত চিকিৎসালয় এই মহাবিদ্যালয়ৰ সৈতে সংযূক্ত|
    নিম্নলিখিত সেৱাসমূহ উপলব্ধ:

    • বাহ্য়িক ৰোগীৰ বিভাগ (OPD)/ আন্ত:ৰোগী বিভাগ (IPD)
    • পৰীক্ষাগাৰ
    • এক্স-ৰে
    • সনোগ্রাফী
    • ই.চি.জি.