আয়ূশ প্ৰণালীৰ জৰিয়তে সকলো নাগৰিকক সমগ্র স্বাস্থ্যসেৱা প্ৰদান কৰা আৰু মনোমত অনূশীলনৰ পদ্ধতিৰ ৰূপত স্থাপিত কৰা|
আয়ূশ সঞ্চালকালয়, অসম চৰকাৰৰ বিজ্ঞপ্তি নং এইচ.এল.বি. ২২১/২০০৯/২১ তাং ২৮-০২-২০১১ অনুসৰি স্থাপিত হৈছিল আৰু ২০১২ চনৰ জুন মাহৰ পৰা কাম কৰি আছে| আয়ূশ সঞ্চালকালয়ে ৰাজ্যত আয়ুর্বেদীক আৰু হোমিঅ'পেথি চিকিৎসা প্ৰণালীক নিয়ন্ত্ৰণ কৰে | ৰাজ্যত এখন আয়ুর্বেদীক মহাবিদ্যালয় আৰু তিনিখন হোমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয় আছে| হোমিঅ'পেথিক ঔষধালয়সমূহ জিলা সামৰিক চিকিৎসালয় , চি.এইচ. চি., পি.এইচ. চি., এম.পি.এইচ.চি. ৰ অন্তৰ্গত| আয়ূশ শিক্ষা প্ৰতিষ্ঠানৰ মানদণ্ডৰ উন্নয়ন আৰু ঔষধৰ মানদণ্ডৰ উন্নয়ন ওপৰত গুৰুত্ব আৰোপ কৰা, ঔষধীয় উদ্ভ্ৰিদ উপাদান, গৱেষণা আৰু উন্নয়ন আৰু পৰিবেশগত আৰু আৰ্ন্তজাতিক পদ্ধতিৰ কাৰ্যকাৰিতা সম্পৰ্কে সচেতনতা বৃদ্ধি আৰু উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা|
প্রতিষ্ঠান/চিকিৎসালয়/ডিচপেন্সাৰী | আয়ুর্বেদীক | হোমিঅ'পেথিক | মুঠ |
---|---|---|---|
এখন আয়ুর্বেদীক মহাবিদ্যালয় নাম ভৰ্তিৰ ক্ষমতা ৫০ জন ইউ জি আৰু ২৪ জন পি জি' | ১ | ১ | |
তিনিখন হোমিঅ'পে্থিক মহাবিদ্যালয় প্ৰতিখনত নাম ভৰ্তিৰ ক্ষমতা ৫০ জন | ৩ | ৩ | |
আয়ুর্বেদীক মহাবিদ্যালয়ৰ সৈতে সংযুক্ত চিকিৎসালয়: ২০০ বিচনাযুক্ত | ১ | ১ | |
হোমিঅ'পে্থিক মহাবিদ্যালয়ৰ সৈতে সংযুক্ত চিকিৎসালয়: প্ৰতিখন ২৫ বিচনাযুক্ত | ৩ | ৩ | |
আয়ূশ চিকিৎসক (এচ.ডি.,পি.এইচ.চি.,চি.এইচ চি,চি.এইচ) | ৩৯২ (নিয়মিত) আৰু ৫১১ (এন.এইচ.এম.ৰ অধীনত) | ৭৫(নিয়মিত) আৰু ২৫০ (এন.এইচ.এম.ৰ অধীনত) | ১২২৮ |
এচচি আই এম আৰু হোমিঅপেথিক ঔষধ পৰিষদ, অসম | ৯৭৮ | ১১৪৭ | ২২২৫ |
নিবন্ধিত ফাৰ্মাচিষ্ট | ১৩০ | _______ | ১৩০ |
ঔষধ উৎপাদনকাৰী গৱেষণাগাৰ আৰু ঔষধালয় | ৬০ | __________ | ৬০ |
আয়ূশৰ সকলো পৰিসেৱাৰ তথ্য আমাৰ কাৰ্যালয়ৰ পৰা প্ৰাপ্ত কৰিব পাৰিব|
ঠিকনা | আয়ূশ সঞ্চালকালয়, অসম বশিষ্ঠ ৰোড, বনফূলনগৰ পথ, ঘৰ নং-১, গুৱাহাটী- ৬ |
---|---|
দূৰভাষ নং | ০৩৬১-২২৩০৩৩৪ |
ই-মেইল | namassam15@gmail.com |
সকলো বিষয়া-কৰ্মচাৰীৰ দ্বাৰা নম্ৰ আৰু সভ্য সঁহাৰি লাভ কৰিব |উপৰোক্ত সেৱাৰ ক্ষেত্ৰত যদি আপোনাৰ কোনোধৰণৰ অভিযোগ থাকে তেন্তে আপুনি ওপৰত উল্লেখ থকা ঠিকনাত আপোনাৰ অভিযোগ দাখিল কৰিব পাৰে |
জনসভাৰ সময় প্ৰতি বুধবাৰে ১২ৰ পৰা ১ বজা